Thursday 5 July 2012

অম্বেষণ



ভঙা কাঁচৰ টুকুৰাৰে সাজিব খোজা জীৱন

নিছিদ্ৰ পৃথিৱীৰ আলফুলীয়া আভুষণ
কাৰোবাৰ হেপাহ, কাৰোবাৰ আশা আৰু কাৰোবাৰ তীর্যক চাৱনি।
এয়া মোৰ সপোন নাছিল
সপোন আছিল নিস্পাপ সুখ-দুখৰ আলি পদুলি গছকি
জীপাল কৰাৰ হেপাহ।
নিস্পাপ সময়ৰ অম্বেষণ
বৰ অসহনীয় অধ্যায়।