Sunday 15 July 2012

জীৱন


জীৱনৰ ধামখুমীয়াত হেৰাব খোজে সেউজীয়াবোৰ
পানী হব খুজি পুণী হলো
তথাপিও ভাবৰ নিসঙ্গতাত জাপ দিব খোজে সময়
কাঢ়ি লৈ যাব খোজে আলফুলীয়া আবেগ।

Wednesday 11 July 2012

বিহু


১) অ’ হেৰ’ দদাই নদাই ভদীয়া ককাই/ ৰংমন বিহুৱা ঐ/ আহ ঐ২ সমনীয়া।
২) কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহী নিয়ৰ পাই মুকলি হল ঐ গোবিন্দাই ৰাম।
৩)   হুৰাই লৈ আহতৰ পাত
     আয়ে বৈয়ে দিয়া চেলেং ঐ চতিয়া
     লবলৈ নোজোৰে গাত।
৪) বৈদে ২ ককালৰ টঙালি ঘুনুচা ঐ/ মূৰত পাগে মৰা গামোচা ঐ 
৫) ৰংপুৰ ৰমক বিজুলীৰ চমক বহাগৰ বিহু পাই ঐ গা কৰে ৰমক-জমক
৬) আহ ঐ লগৰীয়া/ খেলো আমি লহৰীয়া/ ফুতুকলা মৃতং বজাই দে ধুতং/ আহ ঐ ২ লগৰী্যা।

৭) চততে চকৰি গোমচেং ঐ/ বহাগত বাবৰি গোমচেং ঐ/ জেঠতে আমনা ধান।
     গৰুৰ বিহুৰ দিনা গোমচেং ঐ/ বস্ত্র দান কৰিবা গোমচেং ঐ/ তেহে পাবা বৈকু‍ণ্ঠত ২ স্থান ।
৮) আশীবাদ ।
৯) স্বগদেউ ওলালে বাটচৰাৰ মুখলৈ/ ঐ দুলীয়াই পাতিলে দোলা ২/ কাণত জিলিকীলে নৰা জাংফাই ঐ গাতে গোমচেংৰ চোলা।
১০) উজায়ে আহিলে মিচিং নাও এখনি ঐ/ ঐ জিলিকে আহিলে টিং/ ঐ টিং ৰে ওপৰত নাচনী আহিছে/ ঐ সেওতা ফলাতে চিন।
১১) ছোৱালী :
           কিনো চ’ত মহীয়া বতাহ জাকি মাৰিলে/ গছে-বনে সলালে পাত/ কিনো অসমীয়াৰ বিহুটী আহিলে গৰুৰ চালে লগালে মাত।
১২) মোৰ মামনি বাখৰ ঐ তৰাণী ঐ হাবিলৈ /মোৰ মামনি বাখৰ ঐ অকলে তই নাজাবি/মোৰ মামনি বাখৰ ঐ (তৰা পাতে কাটিব)২ তোক/
মোৰ মামনি বাখৰ ঐ ডেকা লৰাৰ বিহুলৈ/মোৰ মামনি বাখৰ ঐ অকলে তই নাজাবি/ মোৰ মামনি বাখৰ ঐ (ওলাবযে অমাতৰ)২ মাত।  
১৩) গগনা আৰণি (গগনা পুৰণি ঐ)২/ (গগনা কিহেৰে)২ বাই/ দুফালে দুচতি (মাজতে এচতি ঐ)২ (মুগা সুতাই লগায়ে মাত)২।
১৪) সুতুলি
মাটিৰে সুতুলি বনাই লৈ আনিছো ঐ/ তোমাকে দিমে মই বুলি চেনাই লাহৰী ঐ / (কেঁকোৰা ঐ গাতৰে)২ মাটি।
১৫) পেপা-বাহী
১৬) দকৈ পথাৰত ভুই ৰুই আছিলা/ বৰা ধানৰ সৰুকৈ মুঠি/ ৰুওতে ঐ বিষাৱ ককাল নো ঐ লাহৰী/ আহোতে ঐ বিষাৱ ভৰি।
ছোৱালীঃ
মুকলি পথাৰত মোৰ ধন চেনাই ঐ/ হালে নো বায় আছিলা ২/ মইনো লগাও মৰমৰ মাত।
মোৰে মাতে শুনি মোৰ ধন চেনাই ঐ/ হালৰ গৰু এৰিলা ২/ এৰিলা ঐ পেটৰে ভাত।
১৭) আনে মাছ মাৰে আন্ধুলি- কান্ধুলি আমি মাছে মাৰু কুহি/ আনে বিয়া কৰাই কুমলীয়া ছোৱালী আমি বিয়া কৰাও বুঢ়ী
(হেৰা লুথুপ থুপ বুঢ়ী হলে নিনিও তোক (সমনীয়াই)২ হাঁহিব মোক)2।
ছোৱালীঃ
কি কলি কি কলি তই হেৰ’ জধলা চাই চিটি কথা কবি মোক/ তই হলি জধলা চকু দুটা টেলেকা কোনে দিব ছোৱালী তোক
(হেৰা লিটিকাই নাঁহাহিবা মিছিকীয়াই (যৌৱন গলে)২ পাবলৈ নাই)2।
১৮) ওচৰ (চাপি)২ নাহিবি নাচনী নাহিবি নাচনী /তোৰে গাত মোহিনী আছে চেলেং বাখৰ ঐ /ৰাঙলী মদাৰৰ পাতে চেলেং বাখৰ ঐ/ দিখৌ কপি লগা দলং চেলেং বাখৰ ঐ/ (জাজী নৈৰ নিমলা পানী)৩।
১৯) চাপৰ
২০) আশীবাদ ।

   

Thursday 5 July 2012

অম্বেষণ



ভঙা কাঁচৰ টুকুৰাৰে সাজিব খোজা জীৱন

নিছিদ্ৰ পৃথিৱীৰ আলফুলীয়া আভুষণ
কাৰোবাৰ হেপাহ, কাৰোবাৰ আশা আৰু কাৰোবাৰ তীর্যক চাৱনি।
এয়া মোৰ সপোন নাছিল
সপোন আছিল নিস্পাপ সুখ-দুখৰ আলি পদুলি গছকি
জীপাল কৰাৰ হেপাহ।
নিস্পাপ সময়ৰ অম্বেষণ
বৰ অসহনীয় অধ্যায়।

সময়


ভাল নলগা হৈ আহিছে সময়

সভ্যতাৰ আচোৰত তেজৰ চেকুৰা

কি এক অদ্ভুত আবেদন

সকলো হেপাহ এক দিৱাসপ্ন

Saturday 30 June 2012


ভুল টো ক’ত

বিবেচনা নে বিধাতাৰ

ৰহস্যময় এক অ্ভিধান

শেষ নোহোৱা সম্য়

ভবা আৰু কৰাৰ মাজত
শত যোজন বাট।

Monday 25 June 2012

আশা



প্রতি
    প্রেমেশ্ৱৰী
জয় আই অসম বুলি ধৰিলো কলম তোমালৈ বুলি পথালো মৰম। তোমালৈ বুলি লিখিলো চিঠি লিখিব নাজানো বুলি নিদিবা হাঁহি। জাতি বাঁহৰে দীঘলকৈ চুঙা পত্রৰ আৰম্ভণিতে পথালো চুমা মাছৰ লগত লাই পালেং আৰু খাবা লফা মৰমৰ চুমাটি দলিয়াই পেলালে জীৱনটোৱে মোৰ চফা। জাৰত কম্বল ওঁঠত ভীমকল তুমিয়ে মোৰ জীৱনৰ একমাত্র সম্বল। আগফালে এন্টেনা পাছফালে পায়খানা তোমাৰ আৰু মোৰ কিমান যে বেদনা। ভলুকা বাঁহৰে ঘন ঘন গাঠি তোমাৰ দাঁত কেইটালৈ মনত পৰে যে থাকি। ফুলত পৰে পখিলা গালত পৰে ভোমোৰা তোমাৰ আৰু মোৰ মৰম বাহিবনে কেতিয়াবা।
অতিকৈ চেনেহৰ তোমাৰে চাৱনি
তাতোকৈ চেনেহৰ হাঁহি
তাতোকৈ চেনেহৰ কথা কোৱাৰ ষ্টাইলটি
নাচাই জানো থাকিব পাৰি।
মহৰ নাকী ঘোৰাৰ লেকাম অহা বহাগত তোমাক আনিবলৈ যাম। বেলিটো পৰিলে সন্ধিয়া নামিব নাহো বুলি নকবা বেয়া মোৰ লাগিব।
কাগজ আছে লিখিবলে সময় আছে পঢ়িবলে উত্তৰ তুমি পথাবা মৰমসনা ভাষাৰে।
আজিলৈ বাৰু মাৰিছো ইতি বেচিকৈ নাখাবা কিন্তু ভীমকলৰ গুটি।

তোমাৰ
প্রেমেশ্ৱৰ  

Friday 9 March 2012