Saturday 29 November 2014

সৌৰশক্তি চালিত পানী পাম্প, জলসিঞ্চন আৰু অসম


বর্তমান ভাৰত তথা দেশৰ অন্যান্য ৰাজ্যত বিভিন্ন উৎসৰ পৰা শক্তিৰ আহৰণ ক্ষমতা বাঢ়িছে। কিন্তু তাৰ লগতে  শক্তিৰ ব্যৱহাৰ তথা প্ৰয়োজনীয়তাও বাঢ়িছে। চেন্ট্ৰেল ইলেকট্ৰিচিটি বর্ড, ভাৰত চৰকাৰৰ ৰিপ’র্ট মতে বর্তমান ভাৰতত বছৰি ৭৮৩০৫৭ মেগা ইউনিট বিদ্যুতৰ প্ৰয়োজন কিন্তু ইয়াত উপলব্ধ বিদ্যুতৰ পৰিমাণ ৭১৫৭৯৫ মেগা ইউনিট।তাৰে ভিতৰত অকল অসমত ৪৯৯২ মেগা ইউনিট বিদ্যুতৰ প্ৰয়োজন কিন্তু ইয়াত উপলব্ধ বিদ্যুতৰ পৰিমাণ ৪৬৬৯ মেগা ইউনিট গতিকে সমগ্ৰ দেশে এই চাহিদা পুৰাবলৈ বিভিন্ন উপায়ৰ লগতে অপাৰম্পৰিক উৎসৰ পৰা শক্তিৰ আহৰণ ক্ষমতা বঢ়োৱাৰ চেষ্টা চলাইছে। বিদ্যুতৰ অপচয় তথা ব্যৱহাৰ কম কৰিবলৈ বিদ্যুতচালিত যন্ত্ৰ পাতি বোৰৰ কার্য্য ক্ষমতা বঢ়োৱাৰ চেষ্টা চলাইছে। এনেধৰণৰ কামবোৰৰ ভিতৰত জলসিঞ্চনত ব্যৱহৃত যন্ত্ৰ পাতি বোৰৰ উন্নতিৰ চেষ্টা চলি আছে। গোটেই বিশ্ৱত যিমান শক্তিৰ ব্যৱহাৰ হয় তাৰে ২০% শক্তি অকল পানী পাম্পতে ব্যৱহাৰ হয়।গতিকে পানী পাম্পৰ বাবে অপাৰম্পৰিক শক্তিৰ উৎস ব্যৱহাৰ কৰিলে এক বুজন পৰিমাণৰ শক্তি ৰেহাই কৰিব পৰা যাব।
     সৌৰশক্তিচালিত পানী পাম্প জলসিঞ্চনৰ বাবে ব্যৱহাৰ এক পৰিবেশ ৰক্ষাৰ উদ্যম। লগতে ব্যৱসায় ভিত্তিত কৰা খেতিৰ বাবে পানীৰ প্ৰয়োজনীয়তা পূৰাবলৈ ই এক কম খৰচী তথা নির্ভৰযোগ্য ব্যৱস্হা। সৌৰশক্তিচালিত পানী পাম্পৰ বাবে তিনিধৰণৰ চিষ্টেম থাকে: সৌৰ পেনেল, পানী পাম্প আৰু পানী সংৰক্ষণ তথা পানী বিতৰণ ব্যৱস্হা।বর্তমান বজাৰত উপলব্ধ তিনিধৰণৰ সৌৰশক্তিচালিত পানী পাম্প হৈছে:  পৃষ্ঠ পাম্প (Surface type pump), ডুবি থকা পাম্প (Submersible type pump), উপঙি থকা পাম্প (Floating pump)ইয়াৰ ভিতৰত পৃষ্ঠ পাম্প পুখুৰী বা বিল আদিৰ পৰা পানী উঠাবলৈ ব্যৱহাৰ কৰিব পাৰি। এনে ধৰণৰ পাম্প মাটিত থৈ ৭ মিটাৰ দ’ ঠাইৰ পৰা উলম্ব ভাৱে ১০ মিটাৰ ওপৰলৈ পানী উঠাব পাৰে। ডুবি থকা পাম্প, সাধাৰণতে পানীৰ তলত ৰখা হয়। এনে ধৰণৰ পাম্পে ২০ মিটাৰ তলৰ পৰা পানী উঠাব পাৰে। উপঙি থকা পাম্প পানী পৃষ্ঠৰ সমান্তৰাল ভাৱে থাকি পানী উঠাব পাৰে। প্রকৃততে কিমান তলৰ পৰা পানী উঠাব লাগে সেইটো প্রযুক্তিগত ভাষাত হেড (head) বুলি কোৱা হয়। আপুনি কেনেধৰণৰ বা কিমান শক্তিৰ পাম্প ব্যৱহাৰ কৰিব সেইটো নির্ভৰ কৰিব আপোনাক প্রতিদিনে কিমান লিটাৰ পানীৰ প্রয়োজন আৰু কিমান তলৰ পৰা পানী(হেড) উঠাব লাগে।এটা উদাহৰণ সহ আনুমানিক হিচাব এটা তলত দাঙি ধৰা হ’ল।
     ধৰাহ’ল, পানীৰ প্ৰয়োজন প্ৰতিদিনে ৬০,০০০ লিটাৰ আৰু পানী উঠাব লাগে ৫০ মিটাৰ তলৰ পৰা। তাৰ বাবে প্রয়োজনীয় শক্তিৰ পৰিমাণ গণনা কৰিব পাৰি এনেধৰণে
প্রতিদিনে মুঠ প্রয়োজনীয় শক্তি = মুঠ পানীৰ ওজন (কি.গ্রা) X হেড (মিটাৰ) X ৯.৮১   (মিটাৰ/চেকেন্ড)
= (৬০০০০ লিটাৰ X ০.০০১ X ১০০০) (কি.গ্রা) X ৫০ (মিটাৰ) X ৯.৮১(মিটাৰ/চেকেন্ড)
= ৪৯.০৫ মেগা জুল ( ১ মেগা জুল = ১০০০০০০ জুল)
সাধাৰণতে ভাৰতৰ তথা অসমৰ বাবে এদিনত আহৰণ কৰিব পৰা সৌৰশক্তিৰ পৰিমাণ ৫.৫ কিলো ৱাট প্রতি ঘন্টা/ মিটাৰ2
গতিকে প্রতি ঘন্টাত প্রয়োজনীয় শক্তি = ৪৯.০৫/৫.৫
                        = ৮.৯ মেগা জুল প্রতি ঘন্টা
পানী পাম্পৰ অশ্ৱ শক্তি (HP) = ৮.৯ মেগা জুল প্রতি ঘন্টা X ০.৩৭
                       = ৩.২ অশ্ৱ শক্তি
(পাম্পৰ চাইজ সাধাৰণতে ০.৫ বা ১ ৰ পূৰণফল হিচাবে থাকে)
গতিকে আনুমানিক প্রয়োজনীয় পানী পাম্প = ৩.৫ অশ্ৱ শক্তি
মুঠ প্রয়োজনীয় সৌৰ পেনেলৰ চাইজ  = ৩.৫ X ৭৪৬ ৱাট
                        = ২৬১১ ৱাট
গতিকে আনুমানিক প্রয়োজনীয় সৌৰ পেনেলৰ চাইজ = ২৬১১ + (২৬১১ X ২৫%) (২৫% বিদ্যুত লোকচান হব বুলি ধৰি)
                                   = ৩২৬৪ ৱাট।
এখন সৌৰ পেনেলৰ  ক্ষমতা যদি ২০০ ৱাট তেন্তে মুঠ পেনেলৰ সংখ্যা = ৩২৬৪/২০০ = ১৬.৩১ = ১৭ খন
গতিকে আপোনাক প্রতিদিনে ৬০,০০০ লিটাৰ পানী ৫০ মিটাৰ দ’ ঠাইৰ পৰা উঠাবলৈ ৩.৫ অশ্ৱশক্তিৰ পানী পাম্পৰ প্রয়োজন আৰু এই পাম্পটো চলাবলৈ ৩২৬৪ ৱাটৰ সৌৰ পেনেলৰ প্রয়োজন অর্থাৎ ২০০ ৱাটৰ ১৭ খন প্রয়োজন আপুনি নিজাববীয়াকৈ প্রয়োজনীয় পাম্প বিছাৰি উলিয়াবলৈ অকল প্রয়োজনীয় পানীৰ পৰিমাণ আৰু কিমান দ’ ঠাইৰ পৰা পানী উঠাব লাগে তাৰ বাহিৰে আন কোনো সংখ্যা বদলি নকৰিব। ওপৰৰ গণনাটোত যেনেধৰণে আছে তেনেদৰেই থাকিবলৈ দিব আৰু শেষত আপোনাৰ প্রয়োজনীয় পাম্প আৰু সৌৰ পেনেলৰ চাইজ পাই যাব।যিবোৰ সংখ্যাৰ নাম আৰু কাৰণ গণনাটোত বর্ণনা কৰা নাই সেইবিলাক একোটা ধ্রুৱক হিচাবে ব্যৱহাৰ কৰিব কিয়নো নহলে বিষয়টো অতিশয় কঠিন হৈ পৰিব আৰু সকলোৰে বোধগম্য নহব। 
     ব্যৱসায় ভিত্তিত কৰা খেতিত অথবা ঘৰুৱা ভাবে ব্যৱহাৰ কৰি পইছা খৰছ ৰাহি কৰিবলৈ সৌৰ শক্তি চালিত পানী পাম্প এটা উৎকৃষ্ট উপায়। বর্তমান বজাৰত উপলব্ধ ৩ অশ্ৱশক্তিৰ পানীত ডুবি থকা পানী পাম্পৰ দাম আনুমানিক ১.৫ লাখ টকা।এনে পাম্পে ৫০ মিটাৰ তলৰ পৰা পানী উঠাব পাৰে। অসমৰ বাবে সাধাৰণতে মাটিৰ তলৰ পানী উঠাবলৈ ৫০-৬০ ফুট দীঘল (১ফুট = ০.৩ মিটাৰ) পাইপৰ প্রয়োজন। গতিকে অসমৰ বাবে ০.৫-১ অশ্ৱশক্তিৰ (HP) পৃষ্ঠ অথবা পানীত ডুবি থকা পাম্পৰ প্ৰয়োজন। সৌৰ শক্তি চালিত পানী পাম্প কিনাৰ আগতে এইটো ভালদৰে লক্ষ্য কৰিব যে যিটো কোম্পানীৰ পাম্প কিনিছে সেই কোম্পানীটো অপাৰম্পৰিক শক্তি মন্ত্রনালয়ৰ(MNRE)অনুজ্ঞাপ্রপ্ত হয়নে নহয়। বর্তমান বজাৰত উপলব্ধ কোম্পানী বিলাকৰ ভিতৰত Lorentz pump, Bright solar, Shakti pump, Mono pump, Kirloskar pump আদি অন্যতম। ভাৰত চৰকাৰৰ ফালৰ পৰা সাধাৰণ গ্ৰাহকৰ  জলসিঞ্চন  বা পানীৰ পাম্পৰ বাবে ৩০% ৰাজসাহাজ্য দিয়াৰ ব্যৱস্হা আছে অসমৰ বিভিন্ন অঞ্চলত শীতকালীন শস্যৰ বাবে পানীৰ যথেষ্ট অসুবিধা হয়। ইয়াৰোপৰি বিদ্যুতৰ লুকাভাকু তথা ডিজেলৰ খৰছ ৰোধ কৰিবলৈ সৌৰ শক্তি চালিত পানী পাম্প সচাকৈয়ে লাভজনক। সৌৰ শক্তি চালিত পানী পাম্পৰ ব্যৱসায়ো বর্তমান এটা লাভজনক অৱস্হাত আছে। ভাৰতৰ অন্যান্য প্রদেশৰ বহু কোম্পানীয়ে নিজা উদ্যোগত সফল ভাৱে ব্যৱসায় কৰি আছে। গতিকে অসমৰ নিবনুৱা লোকসকলে ব্যৱসায়ৰ বাবে এই দিশটো ভাবি চাব পাৰে নতুবা এটা সময়ত আমি ভাৰতৰ অন্যান্য প্রদেশৰ বিভিন্ন কোম্পানীৰ পৰা এনে বস্তুবোৰ চৰা দামত কিনিব লগা হব।


অক্ষয় উর্জাকেন্দ্ৰ

অপাৰম্পৰিক শক্তি মন্ত্রণালয়ৰ (Ministry of New and Renewable Energy) অধীনত ভাৰতবর্ষৰ প্ৰতিখন ৰাজ্যৰ জিলাবোৰত অনুজ্ঞাপ্ৰাপ্ত অক্ষয় উর্জাকেন্দ্ৰ নামেৰে সৌৰ পেনেল, সৌৰ তা্পীয় কলেকটৰ তথা ইয়াৰ আনুসংগিক বস্তুবিলাকৰ বিক্ৰীকেন্দ্ৰ গঢ়ি তুলিছে। অসমৰ কেইবাখনো চহৰত অক্ষয় উর্জাৰ দোকান আছে।যি সকল লোকে সৌৰশক্তি ব্যৱহাৰ কৰিব বিছাৰে তেওঁলোকে এই দোকান বিলাকত খবৰ কৰিব পাৰে। যিবিলাক চহৰত এনে বিক্ৰীকেন্দ্ৰ নাই তেনে ঠাইত নতুনকৈ বিক্ৰীকেন্দ্ৰ খুলিবলৈ অসম শক্তি উন্নয়ণ অভিকৰণ, গুৱাহাটীৰ (+৯১-৩৬১-২৪৬৪৬১৯ মেইল aeda@india.in) লগত যোগাযোগ কৰিব পাৰে। তলত কেইখনমান কার্য্যৰত অক্ষয় উর্জা বিক্ৰীকেন্দ্ৰৰ ঠিকনা অপাৰম্পৰিক শক্তি মন্ত্রণালয়ৰ দ্বাৰা প্ৰকাশিত ৰিপর্টৰ মতে দিয়া ল। গুৱাহাটী- অসম শক্তি উন্নয়ণ অভিকৰণ, বিজ্ঞান ভৱন, এবিচি, গুৱাহাটী; যোৰহাট- যোৰহাট উন্নয়ণ ভৱন, ৰুম নং ৪৯, টি ৰোড, যোৰহাট-৭৮৫০০১; কামৰুপ- পঞ্চ তীর্থ অক্ষয় উর্জা দোকান, পাখামেলি , কামৰুপ-৭৮১১০২; তিনিচুকীয়া- AHP অক্ষয় উর্জা দোকান, চিটি ধাবাৰ ওচৰত, টি ৰোড, লাইপুলি-৭৮৬১৮৩; নগাঁও- নগাঁও আদিত্য লাৰ দোকান, নগাঁও টাওন, নলবাৰী- নলাবাৰীবৰমা ৰোড, বাৰ মছজিদ কৰ ওচৰত, নলবাৰী ৭৮১৩১০; শিৱসাগৰ- শিৱসাগৰ নগৰ; ওডালগুৰি- জ্যোতি অক্ষয় উর্জা দোকান, ওডালগুৰি টাওন, ষ্টেছন ৰোড, বিটিএডি, ওডালগুৰি-৭৮৪৫২৬

অনুভৱ


অনুভৱৰ স্ৱৰে স্ৱৰে নামি আহক

এজাক বৰষুণ

আবেগৰ আবেশে ধুৱাই দিয়ক

তোমাৰ  -সপোন

সেমেকা শীতল বতাহে কপাই তোলক

তোমাৰ আলফুলীয়া হেপাহ