-হেল্ল’ অনিল, তই আজি কিবা কৰি আছ নেকি। যদি
বেলেগ একো কাম নাই মোৰ ঘৰলৈ আহি দুৱাৰৰ হেন্ডেল দাল লগাই দিবিছোন।অ’ অলপ ডাঙৰ স্কু
লাগিব ছাগে। তই লৈ আহি লগাই দিবি মই কালিলৈ আবেলি আহি যিমান বিল হয় দি দিম। মই ঘৰৰ
ছাবিটো কাষৰ মানুহঘৰত দি আহিছো। ঠিক আছে। থেংক ইউ। বাই।
- হেল্ল’ জয়ন্তদা ভালনে। বহুত দিনৰ মূৰত দেখোন।
চিমিহঁতৰ ভালনে। অ’ মোৰ ভালেই। ঠিকে চলি আছো আৰু। গাৱঁলৈ যোৱা নাই ছমাহ মান হ’ল।মই
দিল্লীলৈ আহিছিলো কালি। অ’ এতিয়াও বাংগালোৰতে। আপোনাৰ কওক চাকৰি কেনে চলিছে। অ’
বাকী ভালেই। কথাবোৰতো জানেই। এতিয়া তাইৰ লগত প্ৰায় যোগাযোগ নাই বুলিবই পাৰি।
আহিবছোন এদিন সপৰিয়ালে এসাজ খোৱাকৈ। ৰাতি থকাকৈ আহিলেতো খুবেই ভাল পাম। অ আছে আছে
ঠাই আছে। হাঃ হাঃ ঘৰতো সৰু হলেও অসুবিধা নহয়। অ হৃদয়ত ঠাই আছে কাৰনে ঘৰতো নহলেনো
এনেকৈ মাতোনে। ঠিক আছে। লগপাম তেতিয়া হ’লে। ঠিক আছে। বাই।
- হেল্ল’ ভিনদেও ভালনে। আজি বাইদেউৰ বার্থদে
নেকি। যোৱা কালিহে আছিল নেকি। মই আজি বুলিহে ভাবিছিলো।বাইদেউক বি-লেটেড হেপ্পী
বার্থদে বুলি কব। বাকী কওকছোন কেনে আছে আপোনালোক। মই ঠিকে আছো। সচাঁকে ঠিকে আছো।
কাৰ কথা কৈছে জয়শ্ৰীৰ। তাইৰ খবৰ পাও মাজে মাজে। কালি এখন নোটিছ আহিছে। তাইৰ কোনোবা
হিৰোৰ লগত ফুৰিব গৈ হোটেলৰ বিল দিব পৰা নাই, তাৰে নোটিছ। তাই ইমান উৎপাত আৰম্ভ
কৰিছে যদি মোৰ আৰু একো কৰিবলগীয়া নাই। নাই নাই মই বুজো। সেই কাৰণে মই একো কৰা নাই
এতিয়ালৈকে। আপোনালোকে বুজাব পাৰে যদি বুজাওক। মই গৈ বুজাব নোৱাৰো। বাকী ভালেই। এইবাৰ
ঘৰলৈ গলে আপোনালোকৰ ঘৰলৈ যাম বাৰু। পোৱালি কেইটাৰ কেনেকুৱা ভালনে। বহুতদিন হ’ল
দেখা নাই। যাম যাম। অ ৰাখক তেনেহ’লে।
- হেল্ল’ ৰীতা ক’ত পালাহি। মই পাম আৰু
তিনিমিনিট মান লাগিব। তুমি মেট্ৰ’ ষ্টেছনৰ ওচৰতে ৰৈ থাকিবা।আজি ক’ত ফুৰিব যাম ?
ঠিক আছে। অ’ সেই ঠাইডোখৰ বেয়া নহয়। পামেই আৰু ৰ’বা। বাই।