Monday 26 January 2015

কজং কপং দুই চেলা


এখন গাওঁত এহাল বুঢ়া-বুঢ়ী বাস কৰিছিল। বুঢ়া-বুঢ়ীৰ এটাই মাত্ৰ লৰা আৰু কেও-কিছু নাই। খোৱা-বোৱাৰ অভাৱ নাই যদিও বুঢ়া-বুঢ়ীৰ মনত এটাই দুখ তেওঁলোক মৰাৰ পাছত লৰাকণৰ কি হব, ওচৰত আৰু কোনো লোক নাইসেয়ে তেওঁলোকে মনতে থিৰাং কৰিলে কোনোবা এখন গাওঁলৈ গৈ তাৰ সত্ৰত শৰণ লব লাগিব, যাতে পাছলৈ কোনো অসুবিধা নহয়বহু বিছাৰ-খোছাৰ কৰাৰ অন্তত এবেলাৰ বাটৰ আতৰত থকা ৰতনবৰ নামৰ এখন গাওঁ বিছাৰি পালে। বুঢ়া-বুঢ়ীয়ে এদিন দিন-বাৰ চাই মেলি কাউৰীয়ে কা নৌ কৰোতেই যাত্ৰা আৰম্ভ কৰিলে। বুঢ়া আগে আগে বুঢ়ী পাছে পাছে, গৈ আছে গৈ আছে। গৈ থাকোতে এটা কুকুৰ লগ পালে, তেতিয়া বুঢ়াই কুকুৰটোক লগত লৈ যোৱা মাহ-কৰাঁই খাবলৈ দি সুধিলে“অ’ হেৰা কুকুৰ ভাই/ মাহ-কৰাঁই খোৱা/ শৰণ লব যাঁও আমি/ যোৱা যদি ওলোৱা” কুকুৰটোৱে ভাবিলে এনেয়ে ঘূৰি ফুৰাতকৈ বুঢ়া-বুঢ়ীৰ লগত গৈ শৰণ লৈ অহাই ভাল হব। এই ভাবি সিও বুঢ়া-বুঢ়ীৰ লগতে যাত্ৰা আৰম্ভ কৰিলে। তিনিও গৈ আছে গৈ আছে, গৈ গৈ ভাগৰ লগাত ৰাষ্টাৰ কাষৰ এজোপা গছৰ ছাঁত বহি অলপ আৰাম কৰি লগত নিয়া মাহ-কৰাঁই খাবলৈ লওঁতে দেখিলে এটা ভালুক চিকাৰীৰ জালত বান্ধ খাই পৰি আছেভালুকটোৱে বৰকৈ দুখ পাই কেকাই থকা দেখি বুঢ়া-বুঢ়ীৰ মনত বৰ আঘাত লাগিল । সেয়ে বুঢ়াই গৈ ভালুকটোক জালখনৰ পৰা খুলি মুকলি কৰি দিলে আৰু লগত লৈ যোৱা মাহ-কৰাঁই খাবলৈ দি সুধিলে“অ’ হেৰা ভালুক ভাই/ মাহ-কৰাঁই খোৱা/ শৰণ লব যাঁও আমি/ যোৱা যদি ওলোৱা” তাকে শুনি ভালুকেও ভাবিলে এনেয়ে ঘূৰি ফুৰাতকৈ বুঢ়া-বুঢ়ীৰ লগত গৈ শৰণ লৈ অহাই ভাল হব। এই ভাবি সিও বুঢ়া-বুঢ়ীৰ লগতে যাম বুলি থিৰাং কৰিলে। চাৰিও মাহ-কৰাঁই খাই মেলি আকৌ যাত্ৰা আৰম্ভ কৰিলে। গৈ গৈ দুপৰীয়া সময়ত ৰতনবৰ পালেগৈ। তেতিয়া আকৌ ৰতনবৰৰ সত্ৰৰ পুৰোহিতজনে ভাত পানী খাই অলপ ঘুমতি দিয়াৰ কথা ভাবি আছিল। তেনেসময়তে বুঢ়া-বুঢ়ীক দেখি তেওঁ কৈ উঠিল “দুই চেলা কজং কপং”। বুঢ়া-বুঢ়ীয়ে পুৰোহিতজনক দেখি ভৰিত দীঘল দি পৰিল। তেওঁলোকে ভাবিলে যে শৰণ লোৱা হৈ গ’ল। সেয়ে দুয়ো গুৰু বাক্য ফাকিকে গুৰু মন্ত্র বুলি ভাবি “দুই চেলা কজং কপং” বুলি কৈ কুকুৰ আৰু ভালুকৰ লগত কীর্তন কৰাত লাগিল।
তেনেসময়তে সেই দেশৰ ৰজাৰ সৈন্য আহি পুৰোহিতজনক বিছাৰি ওলালেহি। কলেহি যে ৰাজকুমাৰৰ অসুখ হৈছে। আগদিনা চিকাৰৰ পৰা অহাৰ পাছত ৰাজকুমাৰৰ নাকটো নিজে নিজে দীঘল হৈ গৈ আছে। ৰাজবৈদ্যই কৈছে কিবা গছৰ গুটি খোৱাৰ বাবেহে হৈছে। গতিকে সেই গুটিটো আনি ৰাজকুমাৰক এনে এজন লোকে খুৱাব লাগিব যি অন্তঃকৰণেৰে ভগৱানক বিশ্ৱাস কৰে।গতিকে পুৰোহিত তেওঁলোকৰ লগত যাব লাগে আৰু ৰাজকুমাৰক ঠিক কৰি দিব লাগে। তাকে শুনি বুঢ়া-বুঢ়ীয়েও ভাবিলে এই চেগতে মহাৰাজৰ ঘৰটোও চাই যোৱা যাওক। সেয়ে দুয়ো কুকৰ আৰু ভালুকক তাতে বিদায় দি পুৰোহিতজনৰ সৈতে ৰজাৰ ঘৰলৈ যাত্ৰা কৰিলে। তাত গৈ দেখিলে ৰাজকুমাৰৰ নাকটো দীঘল হৈ গৈ আছে। দীঘল হৈ হৈ ঘৰৰ দুৱাৰেদি ওলাই পদুলি মুখ পাইছেগৈ অলপমান মূৰটো লৰালেই ঘৰৰ বস্তুবোৰত নাকটো লাগি বস্তুবোৰ ভাগি যায়। পুৰোহিতজনে দেখিলে কথা বিষম ইমান দীঘল নাকটো কেনেকৈ চুটি কৰিব পৰা যাব। যদি কৰিব নোৱাৰে তেনেহলেতো ৰজাই সুদাই নেৰেআৰু গছৰ গুটিটো বা ক’ত বিছাৰি পোৱা যাব।সেয়ে তেওঁ ভাবিলে মই এই বুঢ়া-বুঢ়ীকে ইয়াতে থৈ মেলি ঘৰলৈ যাওঁ আৰু তাৰ পাছত ৰাজ্য এৰি পলাই যাম। সেই ভাবি তেওঁ ৰজাক কলে “মহাৰাজ, এই কামটো এই যে বুঢ়া-বুঢ়ী আহিছে তেওঁলোকে কৰিব পাৰিব। মোৰ অলপ অসুবিধা আছে। আজি অমাৱশ্যা নহয় তাতে ৰাজকুমাৰৰ লগত মোৰ ৰাশিটোৰো অলপ অসুবিধা মই যদি এনে কাম কৰো হিতে বিপৰীত হব পাৰে”। এই বুলি বুঢ়া-বুঢ়ীক ৰজাৰ ঘৰত থৈ পুৰোহিতজনে তাৰ পৰা গুছি আহিল। এইবাৰ ৰজাই বুঢ়া-বুঢ়ীক আদেশ দিলে যে আজিৰ ভিতৰতে ৰাজকুমাৰক ঠিক কৰি দিব লাগে। বুঢ়া-বুঢ়ীয়ে ভয়ে ভয়ে কলে মহাৰাজ আমি এই কাম কেনেকৈ কৰিম। আমি হলো মূৰুখমতি। তেতিয়া ৰজাই গৰজি উঠি কলে মই সেইবোৰ নাজানো তহঁতি আজিৰ ভিতৰত ৰাজকুমাৰক ঠিক কৰি দিব লাগিব নহলে তহঁতক পোতাশালত থোৱা হবএই বুলি বুঢ়া-বুঢ়ীক ৰজাই ৰাজকুমাৰে চিকাৰ কৰিবলৈ যোৱা হাবিত এৰি থৈ আহিবলৈ আদেশ দিলে। বুঢ়া-বুঢ়ী দুয়ো হাবিলৈ গৈ গছ এজোপাৰ তলত বহি মনৰ দুখত কান্দিব ধৰিলে। তেওঁলোকৰ কান্দোন শুনি ওচৰতে কৰবাত থকা কুকুৰ আৰু ভালুক আহি ওলালেহি। কুকুৰ আৰু ভালুকক বুঢ়া-বুঢ়ীয়ে তেওঁলোকৰ কাহিনী কব ধৰিলে। তাকে শুনি কুকুৰ আৰু ভালুকে কলে তাহাঁতি সেই গছ জোপাৰ গুটি আনি দিব পাৰিব কিন্তু কেনেকৈ খুৱালে নাকটো চুটি হয় সেইটো হলে নাজানে। বুঢ়া-বুঢ়ীয়ে ভাবিলে যি হয় দেখা যাব এই বুলি দুয়ো কুকুৰ আলু ভালুকৰ লগত গৈ সেই গছজোপাৰ গুটি ছিঙি লৈ ৰজাৰ ঘৰ পালেগৈ। তেওঁলোকে গুটিটো ৰাজকুমাৰক খাব দিলে কিন্তু নাকটো চুটি নহল। এইবাৰ বুঢ়া-বুঢ়ীয়ে তেওঁলোকৰ গুৰু মন্ত্র ফাকি মাতি ৰাজকুমাৰক খাব দি গাব ধৰিলে “দুই চেলা কজং কপং”। এইবাৰ কিন্তু কিবা এটা কাম দিলে। পাছে ৰাজকুমাৰৰ নাকটো চুটি হওক চাৰি বেছিহে দীঘল হব ধৰিলে। তাকে দেখি বুঢ়া বুঢ়ীয়ে ভয়তে কব নোৱাৰাকৈ গুৰু মন্ত্র ফাকি ওলোটাই মাতিব ধৰিলে। “কজং কপং দুই চেলা”। এইবাৰ কিন্তু ৰাজকুমাৰৰ নাকটো চুটি হব ধৰিলে। তাকে দেখি বুঢ়া বুঢ়ীয়ে মনৰ আনন্দত কুকুৰ আৰু ভালুকৰ লগত নাচি নাচি গাব ধৰিলে “কজং কপং দুই চেলা”। আৰু ৰাজকুমাৰৰ নাকটো চুটি হৈ আগৰ দৰে হৈ গ’ল।  বুঢ়া বুঢ়ীৰ কামত ৰজা সন্তুষ্ট হৈ দুয়োকে এখন গাওঁৰ ৰজা-ৰাণী পাতি দিলে। আৰু বুঢ়া-বুঢ়ী ঘৰলৈ বুলি ওভতি আহিল।