Sunday, 31 July 2011

অসীমতা


গভীৰতালৈ শিপাব ধৰিছে সময়
দুপতীয়াৰ পৰা চাৰিপতীয়া
ডাল-পাত শিপা সকলো হেৰাল।
হাতৰ তলুৱাত লিখি থোৱা সময়
অঘৰী বাটে কথা পাতে
গোপন যন্ত্রণাৰ।
জাকৰোৱা আন্ধাৰৰ নিসংগতাত
নিদ্রামগ্ন কপহুৱা যৌৱন
এক বৰণহীন আর্তনাদ
শেষ ৰাতিৰ শেমেকা বতাহত
শিমলু তোলাৰ সুবাস
উজাৰি শেষ কৰি দিয়াৰ শেপাহ নাছিল হেয়া
জিন নোজোৱাকৈ থকা এক শূণ্য যন্ত্রণা
নজনাকৈ ভাৱি লোৱা সপোনবোৰ
কুটিল হাঁহি
ছিন্ন-ভিন্ন ডুখৰীয়া স্মৃতি
আছলতে মই অসীমতা বুজা নাছিলো।
সেয়াই হয়তো শেষ ফাগুণৰ আবুৰতা