চোতালত পৰি থকা বাঢ়ণীৰ শাৰী শাৰী আঁচ গছকি
এদিন যাম দিয়া তোমাৰ ঘৰলে
ফাগুনৰ পছোৱাত অথবা বসন্তৰ পহিলাতে
আদৰি আনিম সপোনৰ পঁজালে।
কাকোৱেই নিদিয়াকৈ থোৱা
সকলোবোৰেতো তোমাৰ
মোৰ পথাৰখন,শইচবোৰ আৰু হেপাহবোৰ ।
তোমাৰ আঁৰতে লুকাই
মোৰ আধাকেচেলুৱা সপোনবোৰ পাহৰিম
আমাৰ সপোনবোৰ আশা হব নজনাকৈয়ে