Sunday, 11 October 2015

অনুভৱ

নিঃশব্দতাৰ মাজত
বিছাৰি ফুৰো তোমাৰ
উশাহ
বুকুজুৰি বৈ যাব
বিছাৰে
চঞ্চল বৰষুণৰ আঙুলি
নীৰৱে।
হেপাহ পলুৱাই
ধৰি ৰাখিব বিছাৰো
সময়

তোমাৰ অনুভৱৰে।

গতানুগতিক


“পাণ খালে পুইব
চূণ খালে ডাকিব
আমা বাইদ’ক নিবলে হেলিকপ্তা আহিব”
-   মই গাব নেজনোং বুলি ভাবিছ তহঁতে। কিমান তুলনী বিয়া, বৰ বিয়া খাই পাত- পানী কৰিলো তহঁতে কি পাত্তা পাবি।
-   অ দূর্গা কাই তোৰ তুলনী বিয়া খাইহে দাৰি- চাৰি নোলালে তাৰমানে
-   ঐ দাঈত ধই কথা নকবি, মো দাঈ নাইকিয়া লিহিতি – পিছল মুখখন দেখি কিমান পতি যাই তাকে দেখি তহত হিংসা লাগিছে।
-   অ সেইকাৰনে তই অকণিক ইমান যলদি পলুৱাই আনিব পাৰিলি।
-   হেই যেতিয়া তেতিয়া বেয়া নামবো লই নেথাকিবি চোন। কেতিয়াবা খং উঠিলে মেচি দা খনে চবকে চেমেটিয়াই দিম বাপেকে।
-   অ দূর্গা কাই খং কিয় কৰিছ নো। তোক বুলিহে কথাবোৰ সুধি থাকো। বেয়া পাৱ যদি নুসুধো আৰু।
-   মো খং চং নুঠে
-   হেৰি নহয় দূর্গা কাই কালি গধুলি তই ভাত ৰন্ধা বটুৱাটো লৈ কেলৈ ঘৰৰ ভিতৰৰ পৰা দৌৰি আহিছিলি।
-   কেতিয়া। তহতি এনে এনে কথাবো কৈ নেথাকিবি দেই।
-   তই মিছা কিয় মাতিছ আমি তেতিয়া তিনিআলিতে কথা পাতি আছিলো। আমি সবেই দেখিছো।
-   এঃ কিনো কবি আও। তহতক কথাবো কব ব’ দিগদা। তহতি যাকে তাকে কই থাকিবি।
-   আমি কেতিয়াবা কাৰোবাৰ কথা বেলেগৰ আগত কোৱা শুনিছ জানো।
-   আচলতে কালি মানুহজনী বেমা হইছিল আও মোক ভাত বনাব কই আছিল মই বাপেকে টোপনি ভেকচন ধৰি শুই আছিলো, কেতিয়ানো তাই আহি বটুৱাটো মূৱত পিন্ধাই মোক বজাই দিলে মই পেত্তাই নেপালোং।
-   তই পিছে কি কৰিলি তেতিয়া।
-   কি কইবি এনেই ভিতঅত সুমাই বজি থকাতকে বাহিঅলে পলাই দিলোং বাপেকে।
-   আজি পিচে খবৰ কেনে
-   হুঃ কি ডাল কইব মোক, আজি বাপেকে ভাত-চাত বনাই থৈ দিছোং। আজি কিবা কই চকচোন দুহতীয়া মাৰ লগাই দিম।মোক এলেক পেলেক পাইছে নেকি।
-   তই যে আৰু দূর্গাকাই নিজৰ মানুহ জনীলৈ ইমান ভয় কৰিব লাগেনে। ভালকৈ মিলি মেলিহে থাকিব লাগে।
-   অমুকাই তাইলৈ ভয় কঈব নেকি। মোক কি পাইছ তহতি।
ঐ স’ভাইটি, ইহত বাপেক তাত আছে যদি মাতি দেচোন।
-   ঐ দূর্গাকাই তোক বৌৱে বিচাৰি ফুৰিছে।

-   হয় নেকি, গৈ আছোং বুলি কৈদে। তই কৈ দিলি নিকি আক’ মই ইয়াত বহি তাঈ কথা কৈ আছিলোং বুলি। ঐ তহতি ব’ মই পটকে গৈ আহোং। 

সময়



-“কতনা বদতি ওকণি খজুৱতি
   থেকেৰা দুফাল হ’ল”।
 বোপাই তোৰ থেকেৰাটোৰ এটুকুৰা মই ললো দেই। ঐ মোৰ গাটো বৰকে খজুৱাইছে অ’, মাছ খিনি জলদি ভাগ কৰ আক’।
- ঐ লীলাকাই তইনো ইমান উৎপাত কিয় কৰি আছ। ইমান খিনি মাছ সোনকালে ভাগ কৰি শেষ হয় নেকি?
-তামোল এখন দেচোন। বৰালি মাছ কেইটা ধুনীয়া লাগিছে। আৰু দুটা মান সোমাইছিল নহয় তহঁতৰ উৎপাতত চব পলালে। বোপাই মই তোক কৈছিলো নহয় বৰালি মাছৰ সদায় কলঠিত ধৰিব লাগে আৰু লগে লগে চিঙি দিব লাগে।
-ল’ এই খন। ইমান দ’ বিলৰ পানীত মই থাহনি পোৱা নাই, বৰালি মাছৰ কলঠি বিচাৰি থাকিলে মাছে মোৰহে কলঠি ভাঙিল হেঁতেন। তোৰ দৰে মই ঠিয় সাঁতোৰ দিব নাজানো নহয়।
- ধন পগলা বুঢ়াটোক দুটা মান মাছ দি দিবি আৰু লেঙী জাল খনৰ মালিকলৈ ভাগ এটা কৰিবি দেই। নহলে খহুৱাই কাণ ঘোলা কৰি দিব কথা শুনাই।
- সৱ লৈ কৰিছোবেলা মাহীয়েও মাছ দুটামান দিব কৈছিল।
-গোটেই খন গাঁওতে বিলাম বুলি ভাবিছ নেকি? মোৰ ভাগৰে দুটামান কমাই দেমইনো অকলে কিমান খাম।
-নিজৰ নিজৰ ভাগ চাই ল’ হি দেই পাছত কম পালো বুলি টেটু ফালিলেও লাভ নাই আৰু নাপাও। যলদি কৰ ঐ ঘৰলৈ যাব লাগে গৰু বান্ধিব আছে, আন্ধাৰ হৈ আহিছে। লীলাকাই তই আমাৰ ঘৰতে ভাত খাই যাবি, ঘৰ পাওগৈ মানে ভাগৰ লাগিব।
-আজি নালাগে অ’ বোপাই, বেলেগ এদিন খাম। কালি বজাৰলৈ যাব আছে। বস্তু কেইপদ মান গোটাব লগীয়া হৈ আছে। মেৰবিলৰ বতাহ বৰ ঠান্ডা হৈ আহিছে যলদি কৰ ঐ ল’ৰাহঁত।
- আজি মাছ মাৰি ভাল লাগিলে কিন্তু। আকৌ এদিন মাৰিম দেই লীলা কাই। ঐ লীলাকাই তই ভাত খাব নেলাগে বাৰু আমাৰ ঘৰত আয়ে সাঁজপানী অলপ থৈছিল পুৰা পকি আছে, ৰহি এবাতিকে খাই যাবি।
-হব দে এবাতি খাইয়ে যাম।
……………..
.............
-গৰু কেইটা আহিল নে নাই জানো...l-ঐ আই, আই,  কি কৰি আছ। মাছ খিনি লৈ যা চোন। গৰু কেইটা আহিল নে?
- আহি পালি। গৰু আহিল, মই বান্ধিলো।মাছ কিমান পালি।
-পালো কেইটামান। তই এটা কাম কৰচোন গৰৈ মাছ কেইটামান পুৰি দেচোন আৰু ৰহি আছে নহয়। তাৰে অলপ উলিয়া, লীলাকাই আহিছে।
-খুৰীদেউ, ভালনে? কেইবা দিনো হ’ল এইফালে অহা নাছিলো।
-ভালেই, আমাৰনো ভাল বেয়া কি। কৰবাত গৈছিলি নেকি তই।
-নহয়, ঘৰৰ অলপ কাম কৰি আছিলো। চালখন উৰুখি গৈছিল তাকে ঠিক কৰি ললো।
-ভালে কৰিলি। আহ বহিবি জুইশালতে। পিছে তই ভাত ৰন্ধা মানুহহে বিচাৰিব লাগিছিল নেকি?
-এ খুৰীদেউ কিনো কয়। কৰিব লাগিব লাহে লাহে।
-ঐ আই কিনো কৈ আছ। যলদি উলিয়া আক’ লীলাকাই সোনকালে যাব লাগিব বুলি কৈছিল নহয়।মাছ কেইটাত কচি কচি নিমখ দি দেচোন।
-তই পীৰাখন আনি বহি লচোন। মাটিত কিয় বহিছ। লীলা অলপ খাই চাচোন কেনে হৈছে কব নোৱাৰো। মই উলিয়াই থৈ গৈছো বোপাই লৈ লবিচোন। মই চাউল কঠা ধুই আনো।
-ঠিকেই আছে, চোকটো বঢ়িয়া হৈছে। ভাগৰ কাটি যাব একেবাৰে।
-ৰহ লীলাকাই মাছ পুৰাৰ লগত খাইহে ভাল লাগিব। তোৰ অলপ লাগিছে নেকি। মোৰ মাথাটো ৰিমজিমাই গৈছে।
-মই বেচিকে নাখাঁও অ’। দেৰি হব।
- কি কৱ তই। দেৰি হোৱালৈ ভয় কৰিছ যে। হে: হে:.... গালি দিবলেটো কোনো নাই দেখুন। লীলাকাই তই বিয়াখননো কিয় পতা নাই।
-মাছটো খাই বঢ়িয়া লাগিছে। বিয়াৰ কথা কৈছ’ কোনহতেনো বিয়া পাতো। এবাৰ থেতেলা খাই থৈছো বুলি জানই দেখুন।
-অ’ বেলা মাহীৰ কথা, মাহীৰ গাত দুখ নাই। নৰেশ্ৱৰ দৌদৌ ৰ কাৰণে এনে হ’ল। বেছেৰী এতিয়া ইমান কম বয়সতে বাঁৰী হ’ল। সৰু লৰাটোক লৈ তাই কিনো কৰে এতিয়া।
-মই তাইক দুখ নিদিওঁ। ভাগ্যৰ লিখন আৰু। তই খাই শেষ কৰ আক’। মই যাওঁ এতিয়া দেই। খুৰীদেউ কলৈ গ’ল। খুৰীদেউ অ’ খুৰীদেউ ক’ত গলি, মই যাঁও।
-অ লীলা যা নেকি ভাত খাই যা নহলে।
-আজি নাখাওঁ খুৰীদেউ পাছত কেতিয়াবা।
 -হব বাৰু, তই লাহে লাহে যাবি দেই।
বাহিৰলৈ ওলাই দেখে ফৰিঙ ফুটা জোনাক। দুই এটা জোনাকী পৰুৱাৰ অহা-যোৱা। মেৰবিলৰ পাৰৰ সেমেকা বতাহে তাৰ মনটোও সেমেকাই তুলিলে। সি লং পলংকৈ খোজ কাঢ়ি গৈ থাকোতে ভাবি গ’ল তাৰ আৰু বেলাৰ কথা। কেনেকৈ বিহুত তাইক জোকাই জোকাই বিহু নাম গাইছিল। ভাবি ভাবি তাৰ হাঁহি উঠি গ’ল। লাহে লাহে হাঁহিটো নাইকিয়া হৈ গ’ল। সি জোৰকৈ চেষ্টা কৰিলে পাহৰি থাকিবলৈ। নৰেশ্ৱৰ বুঢ়াৰ কাৰণে তাইক সি নাপালে। কেতিয়াবা তাৰ বুঢ়াৰ ডিঙিটো চিঙিলৈ আহিব মন যায়কিন্তু উপায় নাই তেতিয়া তাৰ অবস্হা তথৈবছ আছিল। কেতিয়াবা আকৌ মন যায় বেলাক নিজৰ কৰি লবলৈ। গিৰীয়েকটো ঢুকুৱাৰ পাছত বেছেৰীৰ বহুত কষ্ট হৈছে। এনদৰে ভাবি ভাবি আহোতে সি কব নোৱাৰাকৈয়ে বেলাহঁতৰ ঘৰৰ পদুলিমুখ পালেহি।
-বেলা অ বেলা শুলি নেকি?
-কোন অ লীলাকাই নেকি। ৰহ মই দৰজাখন খুলি দিওঁ।
-অ মই, বোপায়ে তোক মাছ দুটা মান দি যাব কৈছিল। ভাত খালিয়ে নেকি। লৰাটো শুলে নে।
-ভাত খালোৱে। পোনা শুলে অলপ আগতে। আজি বা কি মন গ’ল এইফালে আহিব।বহচোন ইয়াতে।
-মই আহিয়ে থাকো এইফালে, তহঁতৰ খবৰ লৈয়ে থাকো মই আৰ-তাৰ পৰা।মাছখিনি থৈ দেচোন।
-কিয় নিজেই আহি লব নোৱাৰ নেকি?
-খবৰ লব পাৰো। জানোচা তই বেয়া পাৱ।
-এতিয়া ভাল পোৱা বেয়া পোৱা সকলো একে হৈছে। তই মোক বাৰু এতিয়াও খঙ কৰিয়ে আছ নেকি?
-নাই কিয়নো কৰিম। ভাগ্য বুলি মানি লৈছো আৰু।
-হেৰি নহয় তই ভাত খালি জানো। অলপ ৰহ মই ভাত ৰান্ধো খাই যা।
-ভাত খাব মন নাই। হেৰি নহয় মই কথা এটা ভাবিছো ব’ল নহলে দুয়োটাই আকৌ নতুনকৈ আৰম্ভ কৰো কথাবোৰ। বাকী যি হয় দেখা যাব পাছত। পোনাক দুয়োটাই মিলি ডাঙৰ কৰিব পাৰিম দে।
-মইনো কিনো কম। এনেয়েও নিজকে দোষী যেন লাগি থাকে।
-ধেৎ সেইবিলাক ভাবি লাভ নাই এতিয়া। ভাবি চা কথাটো এবাৰ। এতিয়াও একো শেষ হোৱা নাই।
-এটা কাম কৰ মোক দিয়া মাছ খিনিও লগতে লৈ ল। মই পোনাক লৈ আহো ৰহ........