প্রতি
প্রেমেশ্ৱৰী
জয় আই অসম বুলি
ধৰিলো কলম তোমালৈ বুলি পথালো মৰম। তোমালৈ বুলি লিখিলো চিঠি লিখিব নাজানো বুলি
নিদিবা হাঁহি। জাতি বাঁহৰে দীঘলকৈ চুঙা পত্রৰ আৰম্ভণিতে পথালো চুমা। মাছৰ লগত লাই পালেং আৰু খাবা লফা মৰমৰ চুমাটি দলিয়াই পেলালে জীৱনটোৱে মোৰ চফা।
জাৰত কম্বল ওঁঠত ভীমকল তুমিয়ে মোৰ জীৱনৰ একমাত্র সম্বল। আগফালে এন্টেনা পাছফালে
পায়খানা তোমাৰ আৰু মোৰ কিমান যে বেদনা। ভলুকা বাঁহৰে ঘন ঘন গাঠি তোমাৰ দাঁত কেইটালৈ মনত পৰে যে
থাকি। ফুলত পৰে পখিলা গালত পৰে ভোমোৰা তোমাৰ আৰু মোৰ মৰম বাহিবনে কেতিয়াবা।
অতিকৈ চেনেহৰ তোমাৰে চাৱনি
তাতোকৈ চেনেহৰ হাঁহি
তাতোকৈ চেনেহৰ কথা কোৱাৰ ষ্টাইলটি
নাচাই জানো থাকিব পাৰি।
মহৰ নাকী ঘোৰাৰ
লেকাম অহা বহাগত তোমাক আনিবলৈ যাম। বেলিটো পৰিলে সন্ধিয়া নামিব নাহো বুলি নকবা
বেয়া মোৰ লাগিব।
কাগজ আছে লিখিবলে
সময় আছে পঢ়িবলে উত্তৰ তুমি পথাবা মৰমসনা ভাষাৰে।
আজিলৈ বাৰু
মাৰিছো ইতি বেচিকৈ নাখাবা কিন্তু ভীমকলৰ গুটি।
তোমাৰ
প্রেমেশ্ৱৰ