Tuesday, 23 June 2020
Wednesday, 20 September 2017
পোন্ধৰ মিনিট
-হেল্ল’ অনিল, তই আজি কিবা কৰি আছ নেকি। যদি
বেলেগ একো কাম নাই মোৰ ঘৰলৈ আহি দুৱাৰৰ হেন্ডেল দাল লগাই দিবিছোন।অ’ অলপ ডাঙৰ স্কু
লাগিব ছাগে। তই লৈ আহি লগাই দিবি মই কালিলৈ আবেলি আহি যিমান বিল হয় দি দিম। মই ঘৰৰ
ছাবিটো কাষৰ মানুহঘৰত দি আহিছো। ঠিক আছে। থেংক ইউ। বাই।
- হেল্ল’ জয়ন্তদা ভালনে। বহুত দিনৰ মূৰত দেখোন।
চিমিহঁতৰ ভালনে। অ’ মোৰ ভালেই। ঠিকে চলি আছো আৰু। গাৱঁলৈ যোৱা নাই ছমাহ মান হ’ল।মই
দিল্লীলৈ আহিছিলো কালি। অ’ এতিয়াও বাংগালোৰতে। আপোনাৰ কওক চাকৰি কেনে চলিছে। অ’
বাকী ভালেই। কথাবোৰতো জানেই। এতিয়া তাইৰ লগত প্ৰায় যোগাযোগ নাই বুলিবই পাৰি।
আহিবছোন এদিন সপৰিয়ালে এসাজ খোৱাকৈ। ৰাতি থকাকৈ আহিলেতো খুবেই ভাল পাম। অ আছে আছে
ঠাই আছে। হাঃ হাঃ ঘৰতো সৰু হলেও অসুবিধা নহয়। অ হৃদয়ত ঠাই আছে কাৰনে ঘৰতো নহলেনো
এনেকৈ মাতোনে। ঠিক আছে। লগপাম তেতিয়া হ’লে। ঠিক আছে। বাই।
- হেল্ল’ ভিনদেও ভালনে। আজি বাইদেউৰ বার্থদে
নেকি। যোৱা কালিহে আছিল নেকি। মই আজি বুলিহে ভাবিছিলো।বাইদেউক বি-লেটেড হেপ্পী
বার্থদে বুলি কব। বাকী কওকছোন কেনে আছে আপোনালোক। মই ঠিকে আছো। সচাঁকে ঠিকে আছো।
কাৰ কথা কৈছে জয়শ্ৰীৰ। তাইৰ খবৰ পাও মাজে মাজে। কালি এখন নোটিছ আহিছে। তাইৰ কোনোবা
হিৰোৰ লগত ফুৰিব গৈ হোটেলৰ বিল দিব পৰা নাই, তাৰে নোটিছ। তাই ইমান উৎপাত আৰম্ভ
কৰিছে যদি মোৰ আৰু একো কৰিবলগীয়া নাই। নাই নাই মই বুজো। সেই কাৰণে মই একো কৰা নাই
এতিয়ালৈকে। আপোনালোকে বুজাব পাৰে যদি বুজাওক। মই গৈ বুজাব নোৱাৰো। বাকী ভালেই। এইবাৰ
ঘৰলৈ গলে আপোনালোকৰ ঘৰলৈ যাম বাৰু। পোৱালি কেইটাৰ কেনেকুৱা ভালনে। বহুতদিন হ’ল
দেখা নাই। যাম যাম। অ ৰাখক তেনেহ’লে।
- হেল্ল’ ৰীতা ক’ত পালাহি। মই পাম আৰু
তিনিমিনিট মান লাগিব। তুমি মেট্ৰ’ ষ্টেছনৰ ওচৰতে ৰৈ থাকিবা।আজি ক’ত ফুৰিব যাম ?
ঠিক আছে। অ’ সেই ঠাইডোখৰ বেয়া নহয়। পামেই আৰু ৰ’বা। বাই।
Wednesday, 9 November 2016
জীৱন
ঔটেঙা গছজোপা নাছিল, নাছিল দীঘলা দৌদৌৰ সাধুটো
আছিল বিলৰ পানীত ডুব যাব খোজা ৰান্ধনী বেলিটো
আইতাৰ খুন্দনাৰ চুকত লাগি ৰোৱা তামোলৰ দূপৰীয়া
মাৰ হাতৰ ঢেকীয়াৰ জোল, সকলোবোৰতো আছিল l
বগৰী কাইঁটে আচোৰা সময়
থপিয়াই ধৰো বুলি ভাবিও ধৰিব নোৱাৰা এক সপোন l
গধুৰ হৈ পৰা অবিন্যস্ত নিশাবোৰ
সলনি কৰিব নোৱাৰা এক জীৱন
Thursday, 9 June 2016
Lesson of life
One day, two mice fall in a drum
of milk. First they drink some milk and try to come out from the drum. But it
is not easy to escape from the drum. They are trying a lot to jump out but
could not succeed. One mouse thought that his life will end there only because
there is no escape and so he started drink milk as much he can. As the weight
increases the mouse easily drowned in milk and died. But the other mouse
started moving around the drum and drinks a little milk to get his energy for
moving. Moving, moving and moving, finally he prepared butter from the milk and
jumps out from the drum with some butter.
This is the life.
Courtesy: Catch me if you can
Sunday, 11 October 2015
অনুভৱ
নিঃশব্দতাৰ মাজত
বিছাৰি ফুৰো তোমাৰ
উশাহ
বুকুজুৰি বৈ যাব
বিছাৰে
চঞ্চল বৰষুণৰ আঙুলি
নীৰৱে।
হেপাহ পলুৱাই
ধৰি ৰাখিব বিছাৰো
সময়
তোমাৰ অনুভৱৰে।
গতানুগতিক
“পাণ খালে পুইব
চূণ খালে ডাকিব
আমা বাইদ’ক নিবলে
হেলিকপ্তা আহিব”
- মই গাব নেজনোং বুলি ভাবিছ তহঁতে। কিমান তুলনী বিয়া, বৰ বিয়া
খাই পাত- পানী কৰিলো তহঁতে কি পাত্তা পাবি।
- অ দূর্গা কাই তোৰ তুলনী বিয়া খাইহে দাৰি- চাৰি নোলালে
তাৰমানে।
- ঐ দাঈত ধই কথা নকবি, মো দাঈ নাইকিয়া লিহিতি – পিছল মুখখন
দেখি কিমান পতি যাই তাকে দেখি তহত হিংসা লাগিছে।
- অ সেইকাৰনে তই অকণিক ইমান যলদি পলুৱাই আনিব পাৰিলি।
- হেই যেতিয়া তেতিয়া বেয়া নামবো লই নেথাকিবি চোন। কেতিয়াবা খং
উঠিলে মেচি দা খনে চবকে চেমেটিয়াই দিম বাপেকে।
- অ দূর্গা কাই খং কিয় কৰিছ নো। তোক বুলিহে কথাবোৰ সুধি থাকো।
বেয়া পাৱ যদি নুসুধো আৰু।
- মো খং চং নুঠে
- হেৰি নহয় দূর্গা কাই কালি গধুলি তই ভাত ৰন্ধা বটুৱাটো লৈ
কেলৈ ঘৰৰ ভিতৰৰ পৰা দৌৰি আহিছিলি।
- কেতিয়া। তহতি এনে এনে কথাবো কৈ নেথাকিবি দেই।
- তই মিছা কিয় মাতিছ আমি তেতিয়া তিনিআলিতে কথা পাতি আছিলো।
আমি সবেই দেখিছো।
- এঃ কিনো কবি আও। তহতক কথাবো কব ব’ দিগদা। তহতি যাকে তাকে কই
থাকিবি।
- আমি কেতিয়াবা কাৰোবাৰ কথা বেলেগৰ আগত কোৱা শুনিছ জানো।
- আচলতে কালি মানুহজনী বেমা হইছিল আও মোক ভাত বনাব কই আছিল মই
বাপেকে টোপনি ভেকচন ধৰি শুই আছিলো, কেতিয়ানো তাই আহি বটুৱাটো মূৱত পিন্ধাই মোক
বজাই দিলে মই পেত্তাই নেপালোং।
- তই পিছে কি কৰিলি তেতিয়া।
- কি কইবি এনেই ভিতঅত সুমাই বজি থকাতকে বাহিঅলে পলাই দিলোং
বাপেকে।
- আজি পিচে খবৰ কেনে।
- হুঃ কি ডাল কইব মোক, আজি বাপেকে ভাত-চাত বনাই থৈ দিছোং। আজি
কিবা কই চকচোন দুহতীয়া মাৰ লগাই দিম।মোক এলেক পেলেক পাইছে নেকি।
- তই যে আৰু দূর্গাকাই নিজৰ মানুহ জনীলৈ ইমান ভয় কৰিব লাগেনে।
ভালকৈ মিলি মেলিহে থাকিব লাগে।
- অমুকাই তাইলৈ ভয় কঈব নেকি। মোক কি পাইছ তহতি।
ঐ স’ভাইটি, ইহত বাপেক তাত
আছে যদি মাতি দেচোন।
- ঐ দূর্গাকাই তোক বৌৱে বিচাৰি ফুৰিছে।
- হয় নেকি, গৈ আছোং বুলি কৈদে। তই কৈ দিলি নিকি আক’ মই ইয়াত
বহি তাঈ কথা কৈ আছিলোং বুলি। ঐ তহতি ব’ মই পটকে গৈ আহোং।
সময়
-“কতনা বদতি ওকণি খজুৱতি
থেকেৰা দুফাল হ’ল”।
বোপাই তোৰ থেকেৰাটোৰ এটুকুৰা মই ললো দেই। ঐ মোৰ গাটো বৰকে খজুৱাইছে অ’, মাছ
খিনি জলদি ভাগ কৰ আক’।
- ঐ লীলাকাই তইনো ইমান উৎপাত কিয় কৰি আছ। ইমান খিনি মাছ
সোনকালে ভাগ কৰি শেষ হয় নেকি?
-তামোল এখন দেচোন। বৰালি মাছ কেইটা ধুনীয়া লাগিছে। আৰু দুটা
মান সোমাইছিল নহয় তহঁতৰ উৎপাতত চব পলালে। বোপাই মই তোক কৈছিলো নহয় বৰালি মাছৰ সদায়
কলঠিত ধৰিব লাগে আৰু লগে লগে চিঙি দিব লাগে।
-ল’ এই খন। ইমান দ’ বিলৰ পানীত মই থাহনি পোৱা নাই, বৰালি
মাছৰ কলঠি বিচাৰি থাকিলে মাছে মোৰহে কলঠি ভাঙিল হেঁতেন। তোৰ দৰে মই ঠিয় সাঁতোৰ দিব
নাজানো নহয়।
- ধন পগলা বুঢ়াটোক দুটা মান মাছ দি দিবি আৰু লেঙী জাল খনৰ
মালিকলৈ ভাগ এটা কৰিবি দেই। নহলে খহুৱাই কাণ ঘোলা কৰি দিব কথা শুনাই।
- সৱ লৈ কৰিছো। বেলা মাহীয়েও মাছ দুটামান দিব কৈছিল।
-গোটেই খন গাঁওতে বিলাম বুলি ভাবিছ নেকি? মোৰ ভাগৰে দুটামান
কমাই দে। মইনো অকলে কিমান খাম।
-নিজৰ নিজৰ ভাগ চাই ল’ হি দেই পাছত কম পালো বুলি টেটু
ফালিলেও লাভ নাই আৰু নাপাও। যলদি কৰ ঐ ঘৰলৈ যাব লাগে গৰু বান্ধিব আছে, আন্ধাৰ হৈ
আহিছে। লীলাকাই তই আমাৰ ঘৰতে ভাত খাই যাবি, ঘৰ পাওগৈ মানে ভাগৰ লাগিব।
-আজি নালাগে অ’ বোপাই, বেলেগ এদিন খাম। কালি বজাৰলৈ যাব
আছে। বস্তু কেইপদ মান গোটাব লগীয়া হৈ আছে। মেৰবিলৰ বতাহ বৰ ঠান্ডা হৈ আহিছে যলদি
কৰ ঐ ল’ৰাহঁত।
- আজি মাছ মাৰি ভাল লাগিলে কিন্তু। আকৌ এদিন মাৰিম দেই লীলা
কাই। ঐ লীলাকাই তই ভাত খাব নেলাগে বাৰু আমাৰ ঘৰত আয়ে সাঁজপানী অলপ থৈছিল পুৰা পকি আছে, ৰহি এবাতিকে খাই যাবি।
-হব দে এবাতি খাইয়ে যাম।
……………..
.............
-গৰু কেইটা আহিল নে নাই জানো...l-ঐ আই, আই, কি কৰি আছ। মাছ খিনি লৈ যা চোন। গৰু কেইটা আহিল
নে?
- আহি পালি। গৰু আহিল, মই বান্ধিলো।মাছ কিমান পালি।
-পালো কেইটামান। তই এটা কাম কৰচোন গৰৈ মাছ কেইটামান পুৰি
দেচোন আৰু ৰহি আছে নহয়। তাৰে অলপ উলিয়া, লীলাকাই আহিছে।
-খুৰীদেউ, ভালনে? কেইবা দিনো হ’ল এইফালে অহা নাছিলো।
-ভালেই, আমাৰনো ভাল বেয়া কি। কৰবাত গৈছিলি নেকি তই।
-নহয়, ঘৰৰ অলপ কাম কৰি আছিলো। চালখন উৰুখি গৈছিল তাকে ঠিক
কৰি ললো।
-ভালে কৰিলি। আহ বহিবি জুইশালতে। পিছে তই ভাত ৰন্ধা মানুহহে বিচাৰিব লাগিছিল নেকি?
-এ খুৰীদেউ কিনো কয়। কৰিব লাগিব লাহে লাহে।
-ঐ আই কিনো কৈ আছ। যলদি উলিয়া আক’ লীলাকাই সোনকালে যাব
লাগিব বুলি কৈছিল নহয়।মাছ কেইটাত কচি কচি নিমখ দি দেচোন।
-তই পীৰাখন আনি বহি লচোন। মাটিত কিয় বহিছ। লীলা অলপ খাই
চাচোন কেনে হৈছে কব নোৱাৰো। মই উলিয়াই থৈ গৈছো বোপাই লৈ লবিচোন। মই চাউল কঠা ধুই
আনো।
-ঠিকেই আছে, চোকটো বঢ়িয়া হৈছে। ভাগৰ কাটি যাব একেবাৰে।
-ৰহ লীলাকাই মাছ পুৰাৰ লগত খাইহে ভাল লাগিব। তোৰ অলপ লাগিছে
নেকি। মোৰ মাথাটো ৰিমজিমাই গৈছে।
-মই বেচিকে নাখাঁও অ’। দেৰি হব।
- কি কৱ তই। দেৰি হোৱালৈ ভয় কৰিছ যে। হে: হে:.... গালি
দিবলেটো কোনো নাই দেখুন। লীলাকাই তই বিয়াখননো কিয় পতা নাই।
-মাছটো খাই বঢ়িয়া লাগিছে। বিয়াৰ কথা কৈছ’ কোনহতেনো বিয়া
পাতো। এবাৰ থেতেলা খাই থৈছো বুলি জানই দেখুন।
-অ’ বেলা মাহীৰ কথা, মাহীৰ গাত দুখ নাই। নৰেশ্ৱৰ দৌদৌ ৰ
কাৰণে এনে হ’ল। বেছেৰী এতিয়া ইমান কম বয়সতে বাঁৰী হ’ল। সৰু লৰাটোক লৈ তাই কিনো কৰে
এতিয়া।
-মই তাইক দুখ নিদিওঁ। ভাগ্যৰ লিখন আৰু। তই খাই শেষ কৰ আক’।
মই যাওঁ এতিয়া দেই। খুৰীদেউ কলৈ গ’ল। খুৰীদেউ অ’ খুৰীদেউ ক’ত গলি, মই যাঁও।
-অ লীলা যাৱ নেকি ভাত খাই যা নহলে।
-আজি নাখাওঁ খুৰীদেউ পাছত কেতিয়াবা।
-হব বাৰু, তই লাহে
লাহে যাবি দেই।
বাহিৰলৈ ওলাই দেখে ফৰিঙ ফুটা জোনাক। দুই এটা জোনাকী পৰুৱাৰ
অহা-যোৱা। মেৰবিলৰ পাৰৰ সেমেকা বতাহে তাৰ মনটোও সেমেকাই তুলিলে। সি ঢলং পলংকৈ খোজ কাঢ়ি গৈ থাকোতে ভাবি গ’ল তাৰ আৰু বেলাৰ কথা।
কেনেকৈ বিহুত তাইক জোকাই জোকাই বিহু নাম গাইছিল। ভাবি
ভাবি তাৰ হাঁহি উঠি গ’ল। লাহে লাহে হাঁহিটো নাইকিয়া হৈ গ’ল। সি জোৰকৈ চেষ্টা কৰিলে
পাহৰি থাকিবলৈ। নৰেশ্ৱৰ বুঢ়াৰ কাৰণে তাইক সি নাপালে। কেতিয়াবা তাৰ বুঢ়াৰ ডিঙিটো
চিঙিলৈ আহিবৰ মন যায়। কিন্তু উপায় নাই তেতিয়া তাৰ অবস্হা তথৈবছ আছিল। কেতিয়াবা আকৌ মন
যায় বেলাক নিজৰ কৰি লবলৈ। গিৰীয়েকটো ঢুকুৱাৰ পাছত বেছেৰীৰ বহুত কষ্ট হৈছে। এনদৰে
ভাবি ভাবি আহোতে সি কব নোৱাৰাকৈয়ে বেলাহঁতৰ ঘৰৰ পদুলিমুখ পালেহি।
-বেলা অ বেলা শুলি নেকি?
-কোন অ লীলাকাই নেকি। ৰহ মই দৰজাখন খুলি দিওঁ।
-অ মই, বোপায়ে তোক মাছ দুটা মান দি যাব কৈছিল। ভাত খালিয়ে
নেকি। লৰাটো শুলে নে।
-ভাত খালোৱে। পোনা শুলে অলপ আগতে। আজি বা কি মন গ’ল এইফালে
আহিব।বহচোন ইয়াতে।
-মই আহিয়ে থাকো এইফালে, তহঁতৰ খবৰ লৈয়ে থাকো মই আৰ-তাৰ
পৰা।মাছখিনি থৈ দেচোন।
-কিয় নিজেই আহি লব নোৱাৰ নেকি?
-খবৰ লব পাৰো। জানোচা তই বেয়া পাৱ।
-এতিয়া ভাল পোৱা বেয়া পোৱা সকলো একে হৈছে। তই মোক বাৰু
এতিয়াও খঙ কৰিয়ে আছ নেকি?
-নাই কিয়নো কৰিম। ভাগ্য বুলি মানি লৈছো আৰু।
-হেৰি নহয় তই ভাত খালি জানো। অলপ ৰহ মই ভাত ৰান্ধো খাই যা।
-ভাত খাবৰ মন নাই। হেৰি নহয় মই কথা
এটা ভাবিছো ব’ল নহলে দুয়োটাই আকৌ নতুনকৈ আৰম্ভ কৰো কথাবোৰ। বাকী যি হয় দেখা যাব
পাছত। পোনাক দুয়োটাই মিলি ডাঙৰ কৰিব পাৰিম দে।
-মইনো কিনো কম। এনেয়েও নিজকে দোষী যেন লাগি থাকে।
-ধেৎ সেইবিলাক
ভাবি লাভ নাই এতিয়া। ভাবি চা কথাটো এবাৰ। এতিয়াও একো শেষ হোৱা নাই।
-এটা কাম কৰ মোক
দিয়া মাছ খিনিও লগতে লৈ ল। মই পোনাক লৈ আহো ৰহ।........
Monday, 26 January 2015
কজং কপং দুই চেলা
এখন গাওঁত এহাল
বুঢ়া-বুঢ়ী বাস কৰিছিল। বুঢ়া-বুঢ়ীৰ এটাই মাত্ৰ লৰা আৰু কেও-কিছু নাই। খোৱা-বোৱাৰ
অভাৱ নাই যদিও বুঢ়া-বুঢ়ীৰ মনত এটাই দুখ তেওঁলোক মৰাৰ পাছত লৰাকণৰ কি হব, ওচৰত আৰু
কোনো লোক নাই। সেয়ে তেওঁলোকে মনতে থিৰাং কৰিলে কোনোবা এখন গাওঁলৈ গৈ তাৰ সত্ৰত শৰণ লব
লাগিব, যাতে পাছলৈ কোনো অসুবিধা নহয়। বহু বিছাৰ-খোছাৰ কৰাৰ অন্তত
এবেলাৰ বাটৰ আতৰত থকা ৰতনবৰ নামৰ এখন গাওঁ বিছাৰি পালে। বুঢ়া-বুঢ়ীয়ে এদিন দিন-বাৰ
চাই মেলি কাউৰীয়ে কা নৌ কৰোতেই যাত্ৰা আৰম্ভ কৰিলে। বুঢ়া আগে আগে বুঢ়ী পাছে পাছে,
গৈ আছে গৈ আছে। গৈ থাকোতে এটা কুকুৰ লগ পালে, তেতিয়া বুঢ়াই কুকুৰটোক লগত লৈ যোৱা
মাহ-কৰাঁই খাবলৈ দি সুধিলে। “অ’ হেৰা কুকুৰ ভাই/ মাহ-কৰাঁই খোৱা/ শৰণ লব যাঁও আমি/ যোৱা
যদি ওলোৱা”। কুকুৰটোৱে ভাবিলে এনেয়ে ঘূৰি ফুৰাতকৈ বুঢ়া-বুঢ়ীৰ লগত গৈ শৰণ
লৈ অহাই ভাল হব। এই ভাবি সিও বুঢ়া-বুঢ়ীৰ লগতে যাত্ৰা আৰম্ভ কৰিলে। তিনিও গৈ আছে গৈ
আছে, গৈ গৈ ভাগৰ লগাত ৰাষ্টাৰ কাষৰ এজোপা গছৰ ছাঁত বহি অলপ আৰাম কৰি লগত নিয়া
মাহ-কৰাঁই খাবলৈ লওঁতে দেখিলে এটা ভালুক চিকাৰীৰ জালত বান্ধ খাই পৰি আছে। ভালুকটোৱে বৰকৈ
দুখ পাই কেকাই থকা দেখি বুঢ়া-বুঢ়ীৰ মনত বৰ আঘাত লাগিল । সেয়ে বুঢ়াই গৈ ভালুকটোক জালখনৰ
পৰা খুলি মুকলি কৰি দিলে আৰু লগত লৈ যোৱা মাহ-কৰাঁই খাবলৈ দি সুধিলে। “অ’ হেৰা ভালুক ভাই/
মাহ-কৰাঁই খোৱা/ শৰণ লব যাঁও আমি/ যোৱা যদি ওলোৱা”। তাকে শুনি ভালুকেও
ভাবিলে এনেয়ে ঘূৰি ফুৰাতকৈ বুঢ়া-বুঢ়ীৰ লগত গৈ শৰণ লৈ অহাই ভাল হব। এই ভাবি সিও
বুঢ়া-বুঢ়ীৰ লগতে যাম বুলি থিৰাং কৰিলে। চাৰিও মাহ-কৰাঁই খাই মেলি আকৌ যাত্ৰা আৰম্ভ
কৰিলে। গৈ গৈ দুপৰীয়া সময়ত ৰতনবৰ পালেগৈ। তেতিয়া আকৌ ৰতনবৰৰ সত্ৰৰ পুৰোহিতজনে ভাত
পানী খাই অলপ ঘুমতি দিয়াৰ কথা ভাবি আছিল। তেনেসময়তে বুঢ়া-বুঢ়ীক দেখি তেওঁ কৈ উঠিল
“দুই চেলা কজং কপং”। বুঢ়া-বুঢ়ীয়ে পুৰোহিতজনক দেখি ভৰিত দীঘল দি পৰিল। তেওঁলোকে
ভাবিলে যে শৰণ লোৱা হৈ গ’ল। সেয়ে দুয়ো গুৰু বাক্য ফাকিকে গুৰু মন্ত্র বুলি ভাবি
“দুই চেলা কজং কপং” বুলি কৈ কুকুৰ আৰু ভালুকৰ লগত কীর্তন কৰাত লাগিল।
তেনেসময়তে সেই দেশৰ ৰজাৰ সৈন্য আহি পুৰোহিতজনক বিছাৰি
ওলালেহি। কলেহি যে ৰাজকুমাৰৰ অসুখ হৈছে। আগদিনা চিকাৰৰ পৰা অহাৰ পাছত ৰাজকুমাৰৰ নাকটো
নিজে নিজে দীঘল হৈ গৈ আছে। ৰাজবৈদ্যই কৈছে কিবা গছৰ গুটি খোৱাৰ বাবেহে হৈছে। গতিকে
সেই গুটিটো আনি ৰাজকুমাৰক এনে এজন লোকে খুৱাব লাগিব যি অন্তঃকৰণেৰে ভগৱানক বিশ্ৱাস
কৰে।গতিকে পুৰোহিত তেওঁলোকৰ লগত যাব লাগে আৰু ৰাজকুমাৰক ঠিক কৰি দিব লাগে। তাকে
শুনি বুঢ়া-বুঢ়ীয়েও ভাবিলে এই চেগতে মহাৰাজৰ ঘৰটোও চাই যোৱা যাওক। সেয়ে দুয়ো কুকৰ আৰু
ভালুকক তাতে বিদায় দি পুৰোহিতজনৰ সৈতে ৰজাৰ ঘৰলৈ যাত্ৰা কৰিলে। তাত গৈ দেখিলে
ৰাজকুমাৰৰ নাকটো দীঘল হৈ গৈ আছে। দীঘল হৈ হৈ ঘৰৰ দুৱাৰেদি ওলাই পদুলি মুখ পাইছেগৈ। অলপমান মূৰটো
লৰালেই ঘৰৰ বস্তুবোৰত নাকটো লাগি বস্তুবোৰ ভাগি যায়। পুৰোহিতজনে দেখিলে কথা বিষম
ইমান দীঘল নাকটো কেনেকৈ চুটি কৰিব পৰা যাব। যদি কৰিব নোৱাৰে তেনেহলেতো ৰজাই সুদাই নেৰে।আৰু গছৰ গুটিটো
বা ক’ত বিছাৰি পোৱা যাব।সেয়ে তেওঁ ভাবিলে মই এই বুঢ়া-বুঢ়ীকে ইয়াতে থৈ মেলি ঘৰলৈ
যাওঁ আৰু তাৰ পাছত ৰাজ্য এৰি পলাই যাম। সেই ভাবি তেওঁ ৰজাক কলে “মহাৰাজ, এই কামটো এই
যে বুঢ়া-বুঢ়ী আহিছে তেওঁলোকে কৰিব পাৰিব। মোৰ অলপ অসুবিধা আছে। আজি অমাৱশ্যা নহয় তাতে
ৰাজকুমাৰৰ লগত মোৰ ৰাশিটোৰো অলপ অসুবিধা মই যদি এনে কাম কৰো হিতে বিপৰীত হব পাৰে”।
এই বুলি বুঢ়া-বুঢ়ীক ৰজাৰ ঘৰত থৈ পুৰোহিতজনে তাৰ পৰা গুছি আহিল। এইবাৰ ৰজাই
বুঢ়া-বুঢ়ীক আদেশ দিলে যে আজিৰ ভিতৰতে ৰাজকুমাৰক ঠিক কৰি দিব লাগে। বুঢ়া-বুঢ়ীয়ে ভয়ে
ভয়ে কলে মহাৰাজ আমি এই কাম কেনেকৈ কৰিম। আমি হলো মূৰুখমতি। তেতিয়া ৰজাই গৰজি উঠি
কলে মই সেইবোৰ নাজানো তহঁতি আজিৰ ভিতৰত ৰাজকুমাৰক ঠিক কৰি দিব লাগিব নহলে তহঁতক
পোতাশালত থোৱা হব। এই বুলি বুঢ়া-বুঢ়ীক ৰজাই
ৰাজকুমাৰে চিকাৰ কৰিবলৈ যোৱা হাবিত এৰি থৈ আহিবলৈ আদেশ দিলে। বুঢ়া-বুঢ়ী দুয়ো
হাবিলৈ গৈ গছ এজোপাৰ তলত বহি মনৰ দুখত কান্দিব ধৰিলে। তেওঁলোকৰ কান্দোন শুনি ওচৰতে
কৰবাত থকা কুকুৰ আৰু ভালুক আহি ওলালেহি। কুকুৰ আৰু ভালুকক বুঢ়া-বুঢ়ীয়ে তেওঁলোকৰ
কাহিনী কব ধৰিলে। তাকে শুনি কুকুৰ আৰু ভালুকে কলে তাহাঁতি সেই গছ জোপাৰ গুটি আনি
দিব পাৰিব কিন্তু কেনেকৈ খুৱালে নাকটো চুটি হয় সেইটো হলে নাজানে। বুঢ়া-বুঢ়ীয়ে
ভাবিলে যি হয় দেখা যাব এই বুলি দুয়ো কুকুৰ আলু ভালুকৰ লগত গৈ সেই গছজোপাৰ গুটি
ছিঙি লৈ ৰজাৰ ঘৰ পালেগৈ। তেওঁলোকে গুটিটো ৰাজকুমাৰক খাব দিলে কিন্তু নাকটো চুটি
নহল। এইবাৰ বুঢ়া-বুঢ়ীয়ে তেওঁলোকৰ গুৰু মন্ত্র ফাকি মাতি ৰাজকুমাৰক খাব দি গাব
ধৰিলে “দুই চেলা কজং কপং”। এইবাৰ কিন্তু কিবা এটা কাম দিলে। পাছে ৰাজকুমাৰৰ নাকটো
চুটি হওক চাৰি বেছিহে দীঘল হব ধৰিলে। তাকে দেখি বুঢ়া বুঢ়ীয়ে ভয়তে কব নোৱাৰাকৈ গুৰু
মন্ত্র ফাকি ওলোটাই মাতিব ধৰিলে। “কজং কপং দুই চেলা”। এইবাৰ কিন্তু ৰাজকুমাৰৰ
নাকটো চুটি হব ধৰিলে। তাকে দেখি বুঢ়া বুঢ়ীয়ে মনৰ আনন্দত কুকুৰ আৰু ভালুকৰ লগত নাচি
নাচি গাব ধৰিলে “কজং কপং দুই চেলা”। আৰু ৰাজকুমাৰৰ নাকটো চুটি হৈ আগৰ দৰে হৈ
গ’ল। বুঢ়া বুঢ়ীৰ কামত ৰজা সন্তুষ্ট হৈ দুয়োকে
এখন গাওঁৰ ৰজা-ৰাণী পাতি দিলে। আৰু বুঢ়া-বুঢ়ী ঘৰলৈ বুলি ওভতি আহিল।
Saturday, 29 November 2014
সৌৰশক্তি চালিত পানী পাম্প, জলসিঞ্চন আৰু অসম
বর্তমান ভাৰত তথা দেশৰ অন্যান্য ৰাজ্যত বিভিন্ন
উৎসৰ পৰা শক্তিৰ আহৰণ ক্ষমতা বাঢ়িছে। কিন্তু তাৰ লগতে শক্তিৰ ব্যৱহাৰ তথা প্ৰয়োজনীয়তাও বাঢ়িছে।
চেন্ট্ৰেল ইলেকট্ৰিচিটি বর্ড, ভাৰত চৰকাৰৰ ৰিপ’র্ট মতে বর্তমান ভাৰতত বছৰি ৭৮৩০৫৭
মেগা ইউনিট বিদ্যুতৰ প্ৰয়োজন কিন্তু ইয়াত উপলব্ধ বিদ্যুতৰ পৰিমাণ ৭১৫৭৯৫ মেগা
ইউনিট।তাৰে ভিতৰত অকল অসমত ৪৯৯২ মেগা ইউনিট বিদ্যুতৰ প্ৰয়োজন কিন্তু ইয়াত উপলব্ধ
বিদ্যুতৰ পৰিমাণ ৪৬৬৯ মেগা ইউনিট । গতিকে সমগ্ৰ দেশে এই চাহিদা পুৰাবলৈ বিভিন্ন
উপায়ৰ লগতে অপাৰম্পৰিক উৎসৰ পৰা শক্তিৰ আহৰণ ক্ষমতা বঢ়োৱাৰ চেষ্টা চলাইছে। বিদ্যুতৰ
অপচয় তথা ব্যৱহাৰ কম কৰিবলৈ বিদ্যুতচালিত যন্ত্ৰ পাতি বোৰৰ কার্য্য ক্ষমতা বঢ়োৱাৰ
চেষ্টা চলাইছে। এনেধৰণৰ কামবোৰৰ ভিতৰত জলসিঞ্চনত ব্যৱহৃত যন্ত্ৰ পাতি বোৰৰ উন্নতিৰ
চেষ্টা চলি আছে। গোটেই বিশ্ৱত যিমান শক্তিৰ ব্যৱহাৰ হয় তাৰে ২০% শক্তি অকল পানী
পাম্পতে ব্যৱহাৰ হয়।গতিকে পানী পাম্পৰ বাবে অপাৰম্পৰিক শক্তিৰ উৎস ব্যৱহাৰ কৰিলে
এক বুজন পৰিমাণৰ শক্তি ৰেহাই কৰিব পৰা যাব।
সৌৰশক্তিচালিত
পানী পাম্প জলসিঞ্চনৰ বাবে ব্যৱহাৰ এক পৰিবেশ ৰক্ষাৰ উদ্যম। লগতে ব্যৱসায় ভিত্তিত
কৰা খেতিৰ বাবে পানীৰ প্ৰয়োজনীয়তা পূৰাবলৈ ই এক কম খৰচী তথা নির্ভৰযোগ্য ব্যৱস্হা।
সৌৰশক্তিচালিত পানী পাম্পৰ বাবে তিনিধৰণৰ চিষ্টেম থাকে: সৌৰ পেনেল, পানী পাম্প আৰু
পানী সংৰক্ষণ তথা পানী বিতৰণ ব্যৱস্হা।বর্তমান বজাৰত উপলব্ধ তিনিধৰণৰ
সৌৰশক্তিচালিত পানী পাম্প হৈছে: পৃষ্ঠ পাম্প
(Surface
type pump), ডুবি থকা পাম্প
(Submersible
type pump), উপঙি থকা
পাম্প (Floating
pump)। ইয়াৰ ভিতৰত পৃষ্ঠ পাম্প পুখুৰী বা বিল আদিৰ পৰা পানী
উঠাবলৈ ব্যৱহাৰ কৰিব পাৰি। এনে ধৰণৰ পাম্প মাটিত থৈ ৭ মিটাৰ দ’ ঠাইৰ পৰা উলম্ব ভাৱে
১০ মিটাৰ ওপৰলৈ পানী উঠাব পাৰে। ডুবি থকা পাম্প, সাধাৰণতে পানীৰ তলত ৰখা হয়। এনে
ধৰণৰ পাম্পে ২০ মিটাৰ তলৰ পৰা পানী উঠাব পাৰে। উপঙি থকা পাম্প পানী পৃষ্ঠৰ
সমান্তৰাল ভাৱে থাকি পানী উঠাব পাৰে। প্রকৃততে কিমান তলৰ পৰা পানী উঠাব লাগে সেইটো
প্রযুক্তিগত ভাষাত হেড (head) বুলি কোৱা হয়। আপুনি
কেনেধৰণৰ বা কিমান শক্তিৰ পাম্প ব্যৱহাৰ কৰিব সেইটো নির্ভৰ কৰিব আপোনাক প্রতিদিনে
কিমান লিটাৰ পানীৰ প্রয়োজন আৰু কিমান তলৰ পৰা পানী(হেড) উঠাব লাগে।এটা উদাহৰণ সহ
আনুমানিক হিচাব এটা তলত দাঙি ধৰা হ’ল।
ধৰাহ’ল,
পানীৰ প্ৰয়োজন প্ৰতিদিনে ৬০,০০০ লিটাৰ আৰু পানী উঠাব লাগে ৫০ মিটাৰ তলৰ পৰা। তাৰ
বাবে প্রয়োজনীয় শক্তিৰ পৰিমাণ গণনা কৰিব পাৰি এনেধৰণে
প্রতিদিনে মুঠ প্রয়োজনীয় শক্তি = মুঠ পানীৰ ওজন
(কি.গ্রা) X হেড (মিটাৰ) X ৯.৮১
(মিটাৰ/চেকেন্ড)
= (৬০০০০ লিটাৰ X ০.০০১ X ১০০০) (কি.গ্রা) X ৫০ (মিটাৰ) X ৯.৮১(মিটাৰ/চেকেন্ড)
= ৪৯.০৫ মেগা জুল ( ১ মেগা জুল = ১০০০০০০ জুল)
সাধাৰণতে ভাৰতৰ তথা অসমৰ বাবে এদিনত আহৰণ কৰিব
পৰা সৌৰশক্তিৰ পৰিমাণ ৫.৫ কিলো ৱাট প্রতি ঘন্টা/ মিটাৰ2
গতিকে প্রতি ঘন্টাত প্রয়োজনীয় শক্তি =
৪৯.০৫/৫.৫
= ৮.৯ মেগা জুল প্রতি ঘন্টা
পানী পাম্পৰ অশ্ৱ শক্তি (HP) = ৮.৯ মেগা জুল প্রতি ঘন্টা X ০.৩৭
= ৩.২ অশ্ৱ শক্তি
(পাম্পৰ চাইজ সাধাৰণতে ০.৫ বা ১ ৰ পূৰণফল
হিচাবে থাকে)
গতিকে আনুমানিক প্রয়োজনীয় পানী পাম্প = ৩.৫
অশ্ৱ শক্তি
মুঠ প্রয়োজনীয় সৌৰ পেনেলৰ চাইজ = ৩.৫ X ৭৪৬ ৱাট
= ২৬১১
ৱাট
গতিকে আনুমানিক প্রয়োজনীয় সৌৰ পেনেলৰ চাইজ = ২৬১১ + (২৬১১ X ২৫%) (২৫% বিদ্যুত লোকচান হব বুলি ধৰি)
= ৩২৬৪
ৱাট।
এখন সৌৰ পেনেলৰ ক্ষমতা যদি ২০০ ৱাট তেন্তে মুঠ পেনেলৰ সংখ্যা =
৩২৬৪/২০০ = ১৬.৩১ = ১৭ খন।
গতিকে আপোনাক প্রতিদিনে ৬০,০০০ লিটাৰ পানী ৫০
মিটাৰ দ’ ঠাইৰ পৰা উঠাবলৈ ৩.৫ অশ্ৱশক্তিৰ পানী পাম্পৰ প্রয়োজন আৰু এই পাম্পটো
চলাবলৈ ৩২৬৪ ৱাটৰ সৌৰ পেনেলৰ প্রয়োজন অর্থাৎ ২০০ ৱাটৰ ১৭ খন প্রয়োজন। আপুনি নিজাববীয়াকৈ প্রয়োজনীয় পাম্প বিছাৰি উলিয়াবলৈ অকল প্রয়োজনীয় পানীৰ
পৰিমাণ আৰু কিমান দ’ ঠাইৰ পৰা পানী উঠাব লাগে তাৰ বাহিৰে আন কোনো সংখ্যা বদলি
নকৰিব। ওপৰৰ গণনাটোত যেনেধৰণে আছে তেনেদৰেই থাকিবলৈ দিব আৰু শেষত আপোনাৰ প্রয়োজনীয়
পাম্প আৰু সৌৰ পেনেলৰ চাইজ পাই যাব।যিবোৰ সংখ্যাৰ নাম আৰু কাৰণ গণনাটোত বর্ণনা কৰা
নাই সেইবিলাক একোটা ধ্রুৱক হিচাবে ব্যৱহাৰ কৰিব কিয়নো নহলে বিষয়টো অতিশয় কঠিন হৈ
পৰিব আৰু সকলোৰে বোধগম্য নহব।
ব্যৱসায়
ভিত্তিত কৰা খেতিত অথবা ঘৰুৱা ভাবে ব্যৱহাৰ কৰি পইছা খৰছ ৰাহি কৰিবলৈ সৌৰ শক্তি
চালিত পানী পাম্প এটা উৎকৃষ্ট উপায়। বর্তমান বজাৰত উপলব্ধ ৩ অশ্ৱশক্তিৰ পানীত ডুবি
থকা পানী পাম্পৰ দাম আনুমানিক ১.৫ লাখ টকা।এনে পাম্পে ৫০ মিটাৰ তলৰ পৰা পানী উঠাব
পাৰে। অসমৰ বাবে সাধাৰণতে মাটিৰ তলৰ পানী উঠাবলৈ ৫০-৬০ ফুট দীঘল (১ফুট = ০.৩ মিটাৰ)
পাইপৰ প্রয়োজন। গতিকে অসমৰ বাবে ০.৫-১ অশ্ৱশক্তিৰ (HP) পৃষ্ঠ অথবা পানীত
ডুবি থকা পাম্পৰ প্ৰয়োজন। সৌৰ শক্তি চালিত পানী পাম্প কিনাৰ আগতে এইটো ভালদৰে
লক্ষ্য কৰিব যে যিটো কোম্পানীৰ পাম্প কিনিছে সেই কোম্পানীটো অপাৰম্পৰিক শক্তি
মন্ত্রনালয়ৰ(MNRE)অনুজ্ঞাপ্রপ্ত
হয়নে নহয়। বর্তমান বজাৰত উপলব্ধ কোম্পানী বিলাকৰ ভিতৰত Lorentz pump, Bright
solar, Shakti pump, Mono pump, Kirloskar pump আদি অন্যতম। ভাৰত চৰকাৰৰ ফালৰ পৰা সাধাৰণ গ্ৰাহকৰ জলসিঞ্চন বা পানীৰ পাম্পৰ বাবে ৩০% ৰাজসাহাজ্য দিয়াৰ ব্যৱস্হা আছে। অসমৰ বিভিন্ন অঞ্চলত শীতকালীন শস্যৰ বাবে পানীৰ যথেষ্ট অসুবিধা হয়। ইয়াৰোপৰি
বিদ্যুতৰ লুকাভাকু তথা ডিজেলৰ খৰছ ৰোধ কৰিবলৈ সৌৰ শক্তি চালিত পানী পাম্প সচাকৈয়ে
লাভজনক। সৌৰ শক্তি চালিত পানী পাম্পৰ ব্যৱসায়ো বর্তমান এটা লাভজনক অৱস্হাত আছে।
ভাৰতৰ অন্যান্য প্রদেশৰ বহু কোম্পানীয়ে নিজা উদ্যোগত সফল ভাৱে ব্যৱসায় কৰি আছে।
গতিকে অসমৰ নিবনুৱা লোকসকলে ব্যৱসায়ৰ বাবে এই দিশটো ভাবি চাব পাৰে নতুবা এটা সময়ত
আমি ভাৰতৰ অন্যান্য প্রদেশৰ বিভিন্ন কোম্পানীৰ পৰা এনে বস্তুবোৰ চৰা দামত কিনিব
লগা হব।
Subscribe to:
Posts (Atom)
